সমললৈ যাওক

পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৫ ]


হৰাইবাৰ নিধি,  যেন দিলে বিধি,
 পাঞ্চৰো দেখিয়া মুখ।৷
এহি বুলি ৰাজা,   ধৰি ভাই ভাৰ্য্যা,
 আশ্বাসিল বাৰম্বাৰ।
কৃষ্ণা সমে চাৰি,   ভাতৃ পাৱে ধৰি,
  নমিলা আতি সাদৰ।৷ ২৬২
সেহি সময়ত,  দ্ৰৌপদী বোলন্ত,
 অজিজ্ঞাসে গৈলা এড়ি।
ওচৰ চাপিয়া,  আমাক তুলিয়া,
 নছাইনাহা ভাল কৰি।৷
শোকত তোমাৰ,  গাৱে অগ্নি মোৰ,
 লাগি পোয়ে সমুদাই।
সহদেৱে বোলে,  শুনিয়ো দ্ৰৌপদী,
 দদাক নেদিবা দাই।৷ ২৬৩
দেৱৰ কপট,  বুজিবে তাহাক,
 হঠাত পাৰয় কোন।
বিশেষত ৰণে,  বিমুখ মৰণে,
 তাৰিলাহা সেনাগণ।
পাছে ধনঞ্জয়,  ৰাজাক, বোলয়,
 শুনিয়ো দদা বচন।
মাতলি সহিতে,  চৰি আমি ৰথে;
 কৰোহো হেৰূ গমন।৷ ২৬৪