পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫৪ ]


চলিয়ো সত্বৰ,  লৈয়া যুধিষ্ঠিৰ,
 ভাই ভাৰ্য্যা নগৰক।
সমস্তকে তুমি,  থৈয়া ভাল কৰি,
 পাছে জাইবা নিজপুৰ।৷ ২৫৯
এহি বুলি মোক,  বিদায় দিলেক,
 উঠিলো ৰথ উপৰ।
বায়ুত অধিক,  ডাকিলন্ত ৰথ,
 সাৰথি সুজান বৰ।৷
কতো বেলি আসি,  চয়োতাল ভেদি,
 প্ৰবেশিলো আসি ভুমি।
পৰিত অধিক,  নেদেখিলো বলে,
 নিৰুস্বাস ভৈলো আমি।৷ ২৬০
মাতলিয়ে চাহি,  এহি পথে দেখি,
 কহিল পাছে আমাত।
মই বোলো ৰথ,  শিঘ্ৰ কৰি ডাক,
 সবাকে দেখো হোতাত।৷
মোৰ বচনত,  ডাকিলন্ত ৰথ,
 পবন সঞ্চাৰ কৰি।
আসি এহি পথে,  পঞ্চকো এথাতে,
 দেখিলোহে নেত্ৰভৰি।৷ ২৬১
পাঞ্চৰো শোকত,  মোৰ নাহি তত,
 কি কৈবো মোহোৰ দুখ।