পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৫৩ ]

নৃপতিক এড়ি, পাঞ্চকো ধৰিবি,
 চতুৰ্থ প্ৰহৰ বেলি॥ ২৫৬
এক এক কৰি, নিদ্ৰা ক্ৰমে ধৰি,
 অধোমুখে পেলাইনন্ত।৷
তযু ভাতৃ ভাৰ্য্যা, বিশেষত জানা,
 মাৰিবে কোনে পাৰন্ত।৷
একেশ্বৰ কৰি,  স্বৰ্গ সন্ধমণী,
 ফুৰাইলো মই তোমাক।
পাপ পুণ্য ফল, গুছিল সকল,
 ক্ৰোধ নকৰিবা মোক।৷ ২৫৭
নিদ্ৰাৰ অঙ্কত, হৈলন্ত সমস্ত,
 কৃষ্ণাসমে পাঞ্চোভাই।
মাতলি সহিতে, গৈয়া এহি ৰথে,
 এতিক্ষণে পাইবা জাই।৷
হেন শুনি মই, বুলিলো দুনাই,
 মোহোক পাঞ্চিয়া দিয়া।
সবেয়ো বসিয়া, ভুঞ্জিবোহো গৈয়া,
 এহি পৰমান্ন নিয়া।৷ ২৫৮
এহিখানি কৃপা, কৰিয়োক পিতা,
 তান শোকে ফুটে প্ৰাণ।
মোৰ বাণি শুনি, মাতলিক মাতি,
 বুলিলন্ত তেতিক্ষণ।৷