পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[৫২]

পাছে দায়া ভাবে,  মোক সেহি ঠাৱে,
  প্ৰশংসা বহুবচন।
মাতলি সহিতে,  ৰথ সমন্বিতে,
 নিলে মোক গৃহে তান॥
পৰম সাদৰে,  পৰমান্ন আগে,
 দিল মোক ভুঞ্জিবাক।
মই বোলো বাপ, নুভুঞ্জিবো আক,
 নাপায়া ভাই ভাৰ্য্যাক॥ ২৫৪
পাছে ধৰ্ম্ম ৰাই,  আমাক বুজাই,
 কহিলা কথা সকল।
তোমাৰ নিদানে,  আমাৰ কাৰণে,
 হৈয়া আছে ইসকল॥
কম্মক বহুত,  কৰিছা ভূমিত,
 সেহি পুণ্যে স্বৰ্গ সুখ।
কিন্তু অশ্বত্থামা,  যুদ্ধে বুলি আছা,
 সেহি পাপে আত দুখ॥ ২৫৫
এই দুই কাৰ্য্য,  গুছাইবে তোমাৰ,
 ইন্দ্ৰে সমে আলছিয়া।
কুত্তা ৰুপ ধৰি, তবনগে ফুৰি,
 আছিল নিদ্ৰাক লৈয়া।৷
ঢ়োকা পৰ্ব্বতত, উঠিলা সমস্ত,
 আদেশীলো নিদ্ৰাবলি।