পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫১ ]


সুজান সাৰথি,  ডাকিলন্ত ৰথ,
 বায়ুত কৰি অধিক॥
এহিমতে গৈই,  সন্ধমণী পাই,
 দেখিলো নৰক তাত।
ভাৰত যুদ্ধত,  হৰি বিমুখত,
 পৰিছিল নৰকত॥ ২৫১
সেহি নৰকৰ,  বসিলো হোপাৰ,
 নামিয়া মই ৰথৰ।
পাছে নৰ্ক্কচয়,   গুচিয়া তাহাৰ,
 ভৈল দিব্য সৰোবৰ।৷
তাৰ পাপী সব,  হৈয়া ৰাজহংস,
 স্বৰ্গপুৰে গৈল পাছে।
তাহাক দেখিয়া,  আসিল খেদিয়া,
 ধৰ্ম্ম পিতৃ মোৰ কাছে।৷ ২৫২
মোক বোলে বাপ,  থাকিবাৰ তোৰ,
 নুহিকয় ইতোস্থান।
মই বোলো পিতৃ,  মোৰ ভাৰ্য্যা ভাতৃ,
 দেখিবো মই নয়ন।৷
তাহান সঙ্গত,  ৰহিবো সতত,
 মোহোৰ এহি সন্মত।
তাহাক এড়িয়া,  নাজাবো ফিৰিয়া,
 কহিলো সত্য তোমাত॥ ২৫৩