পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কি হ'ব? যি ঠাইৰ মানুহ কুসংস্কাৰভাবাপন্ন, সেই ঠাইৰ, সেই জাতীৰ, সেই ঠাইৰ জাতীয় ভাষাৰ উন্নতি যে লক্ষ যোজনৰ দূৰত তাক আৰু বাহুল্যকৈ কোৱাৰ সকাম নাই। দুৰ্ভগীয়া অসমীয়াৰ হাতত পৰি মহাভাৰত, ৰামায়ণ আদি পুথি হৈৱো নোহোৱা হৈছে। ধোঁৱা-চাঙত পচি নিগণি-সলিয়াৰ বাহ হোৱাৰ বাহিৰে তাৰপৰা অইন উপকাৰ দেখা নাযায়। প্ৰকাশ কৰক ছাৰি বহুত গিৰিহঁতে পঢ়িবলৈকো আনক পুথি নিদিবলৈ কোঁচ নাখায়। কিন্তু এতিয়াও আমাৰ পুৰণি সাহিত্য উদ্ধাৰ কৰিবৰ সময় ওকলা নাই। এতিয়াও আমাৰ গা দাঙিবৰ সময় আছে, আৰু আমি লাগি গলে যে নহব এনে নহয়, কেৱল মনত ৰাখিব লাগে যে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে আৰু শুই থকা সিংহৰ মুখতো “টোপ” নপৰে।

 ভীষ্মপৰ্ব্বৰ পাতনিত কোৱা হৈছিল যে মহাভাৰতৰ আন আন পৰ্ব্বও সময়ত ছপা কৰা যাব। এতিয়া স্বৰ্গাৰোহণপৰ্ব্ব ছপা কৰি সকলোৰে আগত ধৰা গৈছে। ভীষ্মপৰ্ব্বৰ দৰে এই পুথিয়েও সকলোৰে আদৰ পালে যত্ন সফল হৈছে বুলি ভাবিম।

 সৰ্ব্বশেষত কওঁ যে গ্ৰন্থকাৰৰ জীৱনীৰ বিষয়ে কিছু কিছু কথা লেখিব লগা থাকিলেও সময়ৰ নাতনিত