পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৪৮ ]


দেখি তযু মুখ,  গুছিলক দুখ,
 আনন্দে নধৰে হিয়া।
শুনি মহাৰাই,  ধৰি চাৰি ভাই,
 মাথাত চুম্বন দিয়া।৷
দ্ৰৌপদীক ধৰি,  অতি দায়া কৰি,
 স্বহস্তে মাৰ্জিলা গাৱ।
দেবীৰ আগত,  পৰমান থাল,
 দিলা ৰাজা সেহি ঠাৱ॥ ২৪৩
বোলন্ত দ্ৰৌপদী,  দিয়োক বিভাগি,
 ভুঞ্জিয়া কহো বৃত্তান্ত।
ৰাজাৰ বচনে,  দ্ৰোপদী তেখনে,
 সবাকে বান্তি দিলন্ত।৷
দেবতাৰ অন্ন,  কৰিয়ো ভোজন,
 ভ্ৰম দুখ দুৰ হৈল।
দ্ৰৌপদীয়ো তাত,  ভোজন কৰিল,
 বস্ত্ৰে আৰ কৰি দিল।৷ ২৪৪
পাছে যুধিষ্ঠিৰ,  দিলন্ত উত্তৰ,
 শুনিয়োক ভাতৃগণ।
এক এক কৰি,  পৰ্ব্বতত পড়ি,
 অধোমুখে পাঞ্চোজন।৷
নে দেখিলা শ্বাস,  মৃত কৰ বেশ,
 নপাইলা একো উপাই।