পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৭ ]

দুলড়ি।
যুধিষ্ঠিৰ আৰু ভাই ভাৰ্য্যা সকলৰ পুনৰ্ম্মিলন।

ৰাজাৰ চৰণে,   ধৰি পাঞ্চজনে,
 বোলন্ত কান্দি বচন।
চেতন লভিয়া,  তোমাক নপায়া,
 ভৈলোহো আমি বিজ্ঞান॥ ২৪০
পৰ্ব্বতত চাৰি,  ফুৰিলো বিচাৰি,
 দ্ৰৌপদীক তাত এড়ি।
গিৰি গুহা যত,  চাহিলোহো তাত,
 হৃদয়ত খেদ কৰি।৷
তোমাক নাপাই,  আসিলো দুনাই,
 হৈলো পাছে একেঠাই।
পাছে সেহি ঠাই,  বসি চাৰি ভাই,
 কৰিলো এহি উপাই।৷ ২৪১
তোমাৰ বাৰ্ত্তাক,  পুছিবে দেৱত,
 মেৰুপথে কৰি গতি।
দ্ৰৌপদীয়ো তাত,  কান্দয় বহুত,
 স্মৰি শোক মনে আতি।৷
ৰজনী প্ৰসন্নে,  উঠি পাঞ্চোজনে,
 আসি আছো এহি পথে।
তোমাক এখনে,  দেখিলো নয়নে,
 মাতলি সহিতে ৰথে। ২৪২