পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৯ ]


শোকে ফুটে প্ৰাণ,  কৰিলোহো স্নান,
 মনত কৰি নিশ্চই।৷ ২৪৫
ভাই ভাৰ্য্যা মোৰ,  এড়ি কলেৱৰ,
 গৈলন্ত স্বৰ্গ পুৰক।
মই জাইবো খেদি,  মেৰুপথে উঠি,
 দেখিবো গৈয়া সবাক।৷
এহি বুলি মই,  নথাকিলো ৰই,
 উঠিলো পথে মেৰুৰ।
বিপ্ৰবেশে খেদি,  পুৰন্দৰে আসি,
 মাৰিবে খোজে কুকুৰ।৷ ২৪৬
তাহাক নিবাৰি,  ৰাখিয়া উকৰি,
 দিলো মোৰ নিজ প্ৰাণ।
পাছে মায়া এড়ি   নিজ মূৰ্ত্তি ধৰি,
 মোৰ আগে উপসন।৷
কুতায়ো গুছিয়া,  ধৰি নিজ কায়া,
 যম ৰাজা পিতৃ মোৰ।
মোহোক প্ৰশংসা,  কৰি ধৰ্ম্মৰাজা,
 গৈলা তান নিজপুৰ।৷ ২৪৭
পাছে পুৰন্দৰে,  ৰথৰ উপৰে,
 মোহোক তুলিলা নিয়া।
বিদ্যুত সঞ্চাৰে,  গৈয়া তেতিক্ষণে,
 স্বৰ্গক পাইলো হো গৈয়া॥