পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৪৬ ]


ঊৰ্দ্ধমুখ কৰি ৰথ ডাকন্ত মাতলি।
বায়ুত অধিক বেগে ৰথ জান্ত চলি।৷
এহিমতে গৈয়া পাছে চাপিল ওছৰ।
দ্ৰোপদী সহিতে চাৰি ভাই আপোনাৰ॥ ২৩৬
মাতলি সহিতে ৰথে দেখি নৰৰাই।
ৰথে উঠি পাঞ্চোজনে ধৰিলন্ত জাই।৷
ৰাজাৰ চৰণে পড়ি কান্দিবে ধৰিলা।
আমাক এড়িবে তুমি কৈতনো আছিল। ২৩০
শুনিয়োক সভাসদ ভাৰত চৰিত।
শ্ৰবণ কৰিলে পাপ হোৱয় দুৰিত।৷
কৃতাঞ্জলি কবি বোলো শুনা বুধজন।
ক্ষমা কৰিবাহা মোক দেখিয়া দুস্মন।৷ ২৩৮
নমো নমো কৃষ্ণদেৱ মোৰ নিজ স্বামী।
জন্মে জন্মে ভব কৃত্য কৰিবোহো আমি।৷
কৃষ্ণৰ ক্ষেত্ৰক পদে কৰোক গমন।
হৰিভক্তগণ আসি দেখোহো নয়ন।৷ ২৩৯
দ্বিজ পৃথুৰামে বোলে মোৰ এহিকাম।
যমালয়ে সৰ্ব্বদাৰ্থ হৌক ৰাম ৰাম।

⸻⸻