সমললৈ যাওক

পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৫ ]


বিজন্দ্ৰিৰ বলে দেবে সবে কৰি ৰণ।
মেৰুৰ পথক চিনি আছয় অৰ্জ্জুন।৷ ২৩০
সেহি হেতু ধনঞ্জয় চলিল আগত।
জাজ্ঞসেনী চলি যাই তাহান পাছত।৷
তাক পাছে চলে দুই জয়ঞ্জা কুমাৰ।
পাছত জাহন্ত চলি বীৰ বৃকোদৰ॥ ২৩১
এহি মতে উঠি গৈল দুতয় প্ৰহৰ।
মাতলি সহিতে ভুমি পাইলা যুধিষ্ঠিৰ ৷।
মাতলিক চাই বুলিলন্ত ধৰ্ম্ম সুত।
ভাই ভাৰ্য্যা পৰি আছে ঢ়োকা পৰ্ব্বতত।৷ ২৩২
শিঘ্ৰ কৰি নিয়ো ৰথ মোহোৰ বচনে।
ৰাজাৰ বচনে ৰথ নিলা তেতিক্ষণে।৷
বিছাৰ কৰিলা পৰিবাৰ থানে থানে।
তাহাত নাপাই বোলে ধৰ্ম্মৰ নন্দনে।৷ ২৩৩
মিছা কথা কৈয়া মোত ভান্দে দেবগণ।
নজানোহো কিবা দোষ কৰি আছোতান।৷
সেহিক্ষণে মাতলিও উৰ্দ্ধক চাহিলা।
ঋণি ২ মেৰুপথে পাঞ্চোকো দেখিলা॥ ২৩৪
মাতলি বোলয় ৰাজা খেদ এড়া তুমি।
মেৰুৰ পথত হেৰা দেখি আছো আমি।৷
এহি বুলি সাৰথিয়ে ৰথক ডাকিলা ।
নিমিষেকে গৈয়া সেই পথে আৰোহিলা।৷ ২৩৫