পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[৪৪]


সাক্ষাতে ধৰ্ম্মৰ মূৰ্ত্তি ধৰ্ম্মৰ নন্দন।
খানিকে নেৰন্তসদা কৃষ্ণৰ চৰণ।৷ ২২৫
লক্ষেক নৃপতি সেৱা কৰিয়া আছিল।
হেন ৰাই ৰাজ্যেশ্বৰ একেশ্বৰ হৈল॥
বলত ফুৰান্ত লগে ফুৰে চাৰি ভাই।
কাহাকো নাহিকে শঙ্কা মহিন্দ্ৰ পৰাই*।৷ ২২৬
দাসিভাবে জান্তি আমি আছিলা চৰণ।
আজিলা চৰণ জান্তিবেক কোন জন।৷
পৰ্ব্বতে উঠন্তে গাৱে বহে ঘৰ্ম্মজল।
তাক দেখি টোলো মই বস্ত্ৰৰ অঞ্চল।৷ ২২৭
কোনেনো কৰিব আজি ইসব যে কৰ্ম্ম।
মোহোৰ সমান কাৰ লাগিবেক মৰ্ম্ম।৷
এহিমতে নানা ভাৱে কৰন্ত ক্ৰন্দন।
এত হন্তে হৈল আসি ৰজনী প্ৰসন্ন।৷ ২২৮
চাৰিভাই কৃষ্ণাসমে কৰিলন্ত স্নান।
মেৰুত উঠিবে লাগি কৰিলা গমন।৷
চয় দন্দ মাসে গৈয়া এড়াইলা পৰ্ব্বত।
পাছে উঠিলন্ত গৈয়া মেৰুৰ পথত।৷ ২২৯
সত্য লোক পৰ্য্যন্তে মেৰুত আছে পথ।
সেহি পথে কৰে গতি দেৱতাৰ ৰথ।৷


  * ইন্দ্ৰৰ দৰে।