পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪৩ ]


একো স্থানে নৃপতিক বিছাৰি নাপাই।
দ্ৰৌপদী সহিতে গৈয়া হুয়া একেঠাই ৷।
ভীমসেনে বোলে শুনিয়োক তিনি ভাই।
নৃপতিক বিছাৰিয়া ইহাত নপাই॥ ২২০
কপত নিদ্ৰাত আত আমাক পেলাই।৷
দাদাক নিলন্ত জানা ধৰ্ম্মেশে নিশ্চয়।৷
একান্ত ভকতি কৰি আছে কৃষ্ণ পাৱে।
সশৰীৰে লৈয়া গৈল তাক সেহি ঠাৱে ৷। ২২১
হেন শুনি বুলিলন্ত জয়ঞ্জা দোভাই।
যি কহিলা ভীম দাদা স্বৰূপ হৱই ৷।
কেন মতে তাঙ্ক আমি পায়ো দৰশন।
উপায় কৰিয়ো সবে মোৰ হেন মন।৷ ২২২
ধনঞ্জয়ে বোলে শুনিয়োক মোৰ বোল।
প্ৰভাতে উঠিয়ো আমি মেৰুত সকল ৷৷
অহা জোয়া কৰি থাকে দেব নিৰন্তৰ।
ভূত ভবিষ্যত কথা জানয় সবাৰ ৷। ২২৩
পুছিবো সকলে কথা দেৱত দাদাৰ।
সেহি উপদেশে আমি কৰিবো বিছাৰ ৷।
এহি আলোছিয়া ৰহিলন্ত সেহি ৰাতি।
মহাশোকে যাজ্ঞসেনী কান্দিলন্ত আতি।৷ ২২৪
হৰি হৰি ধৰ্ম্মৰায় মোৰ নিজ স্বামী।
সেবিবে নপাইলো আমি নাৰী অধোগামী।