পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪২ ]


পাছে ছলি জাইবা তুমি অম্ৰাবতি পুৰ।
ইন্দ্ৰত জনাইবা গৈ প্ৰাৰ্থনা আমাৰ॥ ২১৪
এহি বুলি যমৰাজা পুত্ৰৰ স্নেহত।
পৰমান্ন ভৰি দিল সুবৰ্ণ থালত॥
পিতৃত অনুজ্ঞা লৈয়া ধৰ্ম্ম যুধিষ্ঠিৰ।
উঠিলন্ত গৈয়া পাছে ৰথৰ উপৰ।৷ ২১৫
মাতলিয়ো ডাকিলন্ত উৰ্দ্ধমুখে ৰথ।
বায়ুত অধিক কৰি ধৰিলন্ত পথ।৷
বৈশম্পায়ণ বোলে শুনা পৰিক্ষিত সুত।
কৃষ্ণ সমে চাৰি ভাই যি কৰিলা তাত৷। ২১৬
চতুৰ্থ প্ৰহৰ বেলি আছিলা নিদ্ৰাত।
নৱ ঘটি নিশা গতে উঠিল সমস্তে৷।
ক্ৰমে উঠিলন্ত সবে নিদ্ৰা পৰিহৰি।
প্ৰথমতে উঠিলন্ত দ্ৰুপদ কুমাৰী॥ ২১৭
সহদেব উঠিলন্ত তাত অনন্তৰ।
তাত পাছে উঠিলন্ত নকুল কুমাৰ।৷
তিনিৰো পাছত উঠি বসিল অৰ্জ্জুন।
অৰ্জ্জুনৰ পাছে উঠিলন্ত ভীমসেন।। ২১৮
এহিমতে পাঞ্চোজন পৰ্ব্বতে বসিয়া।
যুধিষ্ঠিৰ নৃপতিক সঙ্গে নেদেখিয়া।৷
মহাশোকে চাৰি ভাই উঠিয়া তেখনে৷
বিছাৰ কৰিলা পৰ্ব্বতত স্থানে স্থানে॥ ২১৯