পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪১ ]


ধন্য ধন্য কৃষ্ণ পাৱে ভকতি কৰিলো।
যিহেতু তোমাৰ আমি পিতৃ নাম লৈলা।৷
নকৰা বিমন বাপু হুয়োক প্ৰসম।
তযু ভাই ভাৰ্য্যা মাৰিবাক পাৰে কোন।৷ ২০৯
মেৰুত আছয় বাছা ভাৰ্য্যা ভ্ৰাতৃগণ।
মিছা নুহিকয় ইতো মোহোৰ বছন।৷
হেন শুনি বুলিলন্ত ৰাজা যুধিষ্ঠিৰ।
শুনিয়োক পিতৃ মোৰ ধৰ্ম্ম কলেৱৰ।৷ ২১০
তোমাৰ প্ৰসাদে পাপ গুছিল আমাৰ।
কতক বৰ্ণাইবো পিতৃ গুণক তোমাৰ।৷
কিন্তু মনুষ্যৰ শোক জালাহা আপুনি।
ভাতৃ ভাৰ্য্যাশোকে জ্বলে হৃদয়ে অগনি।৷ ২১১
আকে জানি পিতৃ মোক বিলম্ব নকৰি।
মাতলি সহিতে পাঞ্চিয়োক শীঘ্ৰ কৰি৷।
চাৰি ভাই কৃষ্ণ সমে একত্ৰে বসিয়া।
পৰমান্ন পঞ্চামৃত ভুঞ্জিয়োছো নিয়া। ২১২
এহিমানে কৃপা কৰিয়োক পিতৃদেৱ।
এহি বুলি উঠি গৈয়া কৰিলন্ত সেৱ৷।
পুত্ৰৰ দেখিয়া খেদ পাছে যমৰাই।
মাতলিক চাই তেতিক্ষণে যে বোলাই॥ ২১৩
শুনিয়ে মাতলি হেৰা বছন আমাৰ।
ভাতৃ ভাৰ্য্যা সঙ্গ কৰি থৈয়ো যুধিষ্ঠিৰ।৷