পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[৪০ ]

মহা অসন্তোষ কৰি উঠিলা মেৰুত।
কুত্তা ৰূপ ধৰি মই চলিয়ো পাছত।৷ ২০৩
বিপ্ৰবেশ ধৰি ইন্দ্ৰে খেদিয়া মাৰিলা ।
তোমাক খেদিয়া মোক মাৰিবে ধৰিলা ॥
প্ৰাণ মাৰিলাহা তুমি কাৰণে কুত্তাৰ।
নিজৰূপ ধৰি আগে ৰহিলো তোমাৰ ॥ ২০৪
অনেক প্ৰশংসা বাণি কৰিলা তোমাক।
ৰথে তুলি ইন্দ্ৰদেৱে নিলেক স্বৰ্গক।৷
কৰ্ম্মফলে স্বৰ্গ সুখ কহিয়াছে বেদ।
সেহি হেতু ইন্দ্ৰে নিলে কহিলা সম্ভেদ ৷৷ ২০৫
মোৰ স্থানে চলে বাদে ইন্দ্ৰে পাছি দিল।
তাৰ কথা কহো বাপু শুনিয়ো সকল ।৷
অশ্বত্থামা হত বুলি লাহা দ্ৰোণ স্থান।
কিন্তু পাঠ নুশুনিয়া এড়িলন্ত প্ৰাণ।৷ ২০৬
সেহি পাপে আসিবাক লাগে মোৰ স্থান।
আকে জানি বাপ নকৰিয়া অপমান ৷৷
বিশেষত কৰিলাহা কাৰ্য্য় আপোনাৰ।
বিমুখে মৰিল যত যুদ্ধে ভাৰতৰ ॥ ২০৭
সেহি সব আসিমোৰ আছিল নৰকে।
দয়া দৃষ্টি চায়া তুমি উদ্ধাৰিলা তাকে৷ ॥
তোমাৰ যশস্যা ৰৈল চন্দ্ৰ দিবাকৰ।
দৃষ্টিতে নৰক গুছি হৈল সৰৰবৰ ॥ ২০৮