[ ৩৯ ]
নানাবিধ কৰ্ম্ম কৰি আছা পৃথিবীত।
সেহি ফলে থাকিবাক লাগয় স্বৰ্গত ॥
কিন্তু অশ্বত্থামা বুলি আছা দ্ৰোণ স্থান।
সেহি পাপে অসিবাক আমাৰ ভবনে॥ ১৯৮
এই দুইগুতি কাৰ্য্য খণ্ডাইবাক মনে।
কৰিলা গমন মই ইন্দ্ৰৰ যে স্থানে।৷
ইন্দ্ৰেসমে আলোছিয়া নিজোজন কৰি।
নিদ্ৰানগে লৈয়া মঞি শ্নানৰূপ ধৰি।৷ ১৯৯
দ্ৰৌপদীৰ পাছে পাছে ফুৰিলো সততে।
জেখনে উঠিয়া গৈয়া সুপৰ্ব্ব পৰ্ব্বতে ॥
নিদ্ৰা কথা দেশ মই কৰিলো তেখনে।
দ্ৰৌপদীৰ গায়ে নিদ্ৰা ধৰিলা যতনে।৷ ২০০
অধোমুখে দ্ৰৌপদীক পৰ্ব্বতে পেলাই।
সহদেব কুমাৰক ধৰিলেক যাই।৷
নিদ্ৰাতুৰ হৈয়া তাত থাকিলেক পড়ি।
পাছে গৈয়া নকুলক নিদ্ৰাবলি ধৰি।৷ ২০১
অধোমুখ কৰি সিতো পড়িল সিখানে।
তাত পাছে অৰ্জ্জুনক ধৰিলেক তানে ॥
পাৰ্থক পেলায়া পাছে ভীমক ধৰিল।
পৰ্ব্বত উপৰে নিদ্ৰা ভীমেয়ো কৰিল ॥ ২০২
এহিমতে পাঞ্চোজন নিদ্ৰায়ে পড়িল।
তুমি বোলা ভাতৃ ভাৰ্য্যা পৰাণ এড়িল ॥