পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৮ ]

ইহাত থাকি যে জোগ্য নোহয় তোমাৰ।
ফিৰি চলিয়োক বাপু বচনে আমাৰ।৷ ১৯২
হেন শুনি যুধিষ্ঠিৰে বোলন্ত বচন।
কৈত আছে কহিয়োক ভাৰ্য্যা ভ্ৰাতৃগণ ॥
তাঙ্ক নেদেখিয়া মোৰ আকুলিত মন।
শিঘ্ৰে কহিয়োক পিতৃ দেখোহো নয়ন ॥ ১৯
এহি বুলি ৰহিলন্ত ধৰ্ম্ম যুধিষ্ঠিৰ।
দুই নয়নৰ পৰা বহি জান্ত নিৰ ॥
দেখিয়া পুত্ৰৰ শোক পাছে যমৰাই।
মাতলী সহিতে গৃহে ৰাজাক লৈ জাই ॥ ১৯৪
সুবৰ্ণৰ যোগ্যাসনে বৈসাইলন্ত নিয়া।
পৰমান্ন পঞ্চামৃত আগে আনি দিয়া॥
বোলন্ত ভুঞ্জিয়ো বাপু নকৰ বিকল।
সাৱসেষে কহিবোহো কাহিনী সকল ৷৷ ১৯৫
যুধিষ্ঠিৰে বোলে পিতৃ আগে কৰা তুমি।
তাসম্বাৰ কথা শুনি ভুঞ্জিবোহো আমি ॥
প্ৰাণতো অধিক মোৰ চাবিগুতি ভাই।
তাক নেদেখিয়া মোৰ শোকে প্ৰাণ যাই ॥
পুত্ৰৰ বিকল দেখি কহিবে লাগিলা।
মোহোৰ কাৰণে তুমি অসন্তোষ পাইলা।৷
বিশেষত দোষ নাই জানীবা আমাৰ।
কাৰণেষে হৈয়া আছে সকলে তোমাৰ ॥ ১৯