পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৭ ]

যম ৰাজা বোলে চিত্ৰগুপ্ত মাতি আন।
এত হন্তে কাল ফুূৰূ দূতে দিলা জান ॥
শুনিয়োক ধৰ্ম্মৰাজা আমাৰ ঈশ্বৰ।
আসি আছে তযুপুত্ৰ ধৰ্ম্ম যুধিষ্ঠিৰ।৷ ১৮৭
চয়খান নৰ্ক্ক গুছিলন্ত সমুদাই।
দিব্য সৰোবৰ হুয়া আছে সেহি ঠাই ।৷
দুৰ্গন্ধ গুছিয়া তাত মলয়া বহয়।
ৰাজ হংস হৈয়া তাৰ নৰ্ক্কি আছে গৈই ॥ ১৮৮
আৰু খানিতেক মানে যদি বা থাকই।
তোমাৰ পুৰত পাপি কেহো না থাকই ॥
দুতৰ বচন শুনি পাছে যম ৰাই।
যথা যুধিষ্ঠিৰ আছে গৈলা সেহি ঠাই।৷ ১৮৯
দেখন্ত বসিয়া আছে সৰোবৰ তীৰে।
নানাবিধ পুস্প ফুলি আছে নিৰন্তৰে ॥
কোকিলৰ কুহুধ্বনি মলয় বহয়।
সুগন্ধ সুৰভি গন্ধে জগত ব্যাপয়॥ ১৯০
হেনয় প্ৰভাব দেখি পৰম বিস্ময়।
মাথাত চুম্বন দিয়া সাবতি ধৰয়।৷
কোলাত বৈসাই পাছে বুলিলন্ত বাক।
সাধু সাধু পুত্ৰমই জন্মাইলো তোমাক ॥ ১৯১
পূৰ্ব্ব জন্মে কুন্তি বহু তপ আছৰিল।
সেহি হেতু গৰ্ভে বাপু তোমাক ধৰিল ৷৷