পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৬ ]

তাহত প্ৰবেশ ৰথ কৰিলন্ত নিয়া।
দক্ষিণ দুয়াৰে পাছে জাহান্তে চলিয়া ৷৷ ১৮১
দেখিলন্ত বহুবিধ নৰকৰ স্থান।
ৰৌৰব পুন্বাম আৰু বিন্মত্ৰ প্ৰদান ॥
সুচ্ছি মুখ কাকমুখ নৰ্ক্কৰেত সৰ।
ব্ৰহ্মাঘ্ন কৃতঘ্ন আছে চন্দ্ৰ দিবাকৰ ॥ ১৮২
পাপ নাম ধৰি নৰ্ক্ক পাতিয়া আছয়।
চাৰি কুড়ি চাৰিধিক লেখত হৱয় ।৷
যোজন প্ৰমাণ বল একো একো খল।
তাহাত পড়িয়া আছে পাপ কৰি গল।৷ ১৮৩
আৰাৱ কৰিয়া থাকে নাহি পৰিত্ৰাণ।
তাক দেখিলন্ত পাছে ধৰ্ম্মৰ সন্তান।৷
মাতলীক বোলে ৰত ৰাখিয়ো এথাত।
প্ৰাণীৰ দেখিয়া দুখ নধৰয় চিত্ত ॥ ১৮৪
ৰজাৰ বচনে তাত জন্মিলন্ত ৰথ।
ৰথৰ নামিয়া বসিলন্ত নৰনাথ।৷
যেখনে বসিয়া তাত ধৰ্ম্ম নৃপবৰ।
চয় খান নৰ্ক্ক গুছিলন্ত সমুদাই ॥ ১৮৫
ফুটিল কমল বহে মলয়া পবন।
বংশ হংস হৈয়া স্বৰ্গে চলে নৰ্ক্কিগণ।৷
যমৰ নগৰ খল ভৈল তোল পাৰ।
ৰাজ হংস হৈয়া স্বৰ্গে চলে নৰ্ক্কিয়াৰ ॥ ১৮৬