পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৫ ]

ৰাজাৰ লগত ৰথ সমে তইলৰ।
জৈকি জাইব খোজা তুমি বচন যে মোৰ ৷৷
ইন্দ্ৰৰ বছনে ৰথ সাজি তেতিক্ষণ।
যুধিষ্ঠিৰ নৃপতিক বুলিলা বছন॥ ১৭৬
এহি ৰথে উঠিওক ধৰ্ম্ম নৃপবৰ।
যদি জাইবে খোজা তুমি যমেৰ নগৰ ॥
মাতলিৰ কথা শুনি পাছে নৰনাথ।
ইন্দ্ৰত বিদায় কৰি উঠিলন্ত ৰথ॥ ১৭৭
মাতলি ডাকিল ৰথ বায়ু সম গতি।
নিমিষে এড়াইল গৈয়া পুৰি অম্ৰাবতী ॥
স্বলোক এড়ায়া পাছে ভুবলোকে স্থিতি।
তাকো এড়ি জাই ৰথে পাইল বসুমতী ॥ ১৭৮
মহী এড়ি গৈয়া দ্ৰুতে প্ৰবেশ অতল।
অতল পুৰক এড়ি পাইলন্ত বিতল॥
তাকে এড়ি পাইল যাই সুতল নগৰি।
তাক যোই পাইলন্ত যে তলাৰ্ত্তন পুৰি ৷৷ ১৭৯
কতোক্ষণে গৈয়া আৰু পাইলা মহাতল।
তাক এড়ি চলি যাই পাইল ৰসাতল ॥
ইন্দ্ৰক সাৰথি ৰথে সুজান প্ৰবল।
তাত পাছে প্ৰবেশিলা পুৰ যে পাতাল॥ ১৮০
সাতো পাতালৰ তল জলৰ উপৰ।
সন্ধমণী নামে সিতো যমেৰ নগৰ।৷