পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৪৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৩৪ ]

কৈতো নেদেখিয়া ৰাজা পুচিলা ইন্দ্ৰত।
কহিয়োক মোৰ ভ্ৰাতৃ সব আছে কৈত।৷ ১৭০
মনে বোলে ইন্দ্ৰে সাধিবোহো যমকাজ।
ৰাজাক স্বনাই বুলিলন্ত দেবৰাজ।৷
তব ভাতৃগণ হেৰা নাহি মোৰ স্থান।
আপোনাৰ দোষে গৈল যমেৰ ভবন ॥ ১৭১
শুনি যুধিষ্ঠিৰে ক্ৰোধে বুলিবে লাগিল।
দেবৰ সভাৰ ইতো ধিক্কাৰ ৰহিল।৷
মহাপাপ কৰি দুৰ্য্য়োধন দুৰাছাৰ।
শত ভাই লই থাকে সভাত দেৱৰ॥ ১৭২
মোৰ চাৰি ভাই সুদ্ধ সত্যা কলেবৰ।
একান্ত ভকতি কৰি আছিল কৃষ্ণৰ ॥
যজ্ঞ মণ্ডপত জাত দ্ৰুপদ কুমাৰী।
কৃষ্ণৰ চৰণে ভক্তি নিতে আছে কৰি ॥ ১৭৩
হেন ভাই ভাৰ্য্যা গৈলা যমেৰ কৰলে।
তৈকে লাগি জাইকে মই নাথাকো ইস্থানে ॥
তাসম্বাৰ যেহি স্থান মোৰো সেহি ঠাই।
অন্যত্ৰ লোকক মোৰ ইচ্ছা জাৱে নাই ॥ ১৭৪
যমেৰ নগৰে নিয়া আমাক থৈয়োক।
এহি মানে কৃপা দেৱৰাজে কৰিয়োক ॥
ৰাজাৰ বচন শুনি সহস্ৰ লোছন।
মাতলিক চাই পাছে বুলিলা বছন ৷৷ ১৭৫