পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩৩ ]

যিহেতু ভুতক দায়া কৰিছা সদাই।
এতেকে স্বৰ্গৰ সুখ ভুঞ্জিবে লাগই।৷
পূৰ্ব্বে দৈত্যসৰোবৰে পৰীক্ষা কৰিলো।
সিকালে তোমাক লাড়িবাক নপাৰিলো।৷ ১৬৫
ইবাৰ আসিলো মই শ্বানৰূপ ধৰি।
তথাপিতো মতি তযু লাৰিতে নপাৰি।৷
এতহন্তে মাতলিও ৰথ আনিলন্ত।
ইন্দ্ৰদেৱে হাতে ধৰি ৰথে তুলিলন্ত॥ ১৬৬
যম ৰাজা বোলে চলা শুনা দেবৰাজ।
ইন্দ্ৰে বোলে চলা তুমি সাধিবোহো কাজ ৷৷
এহি বোলা বোলি কৰি যম ৰাজা গৈলা।
ইন্দ্ৰ সমে যুধিষ্ঠিৰ স্বৰ্গক চলিলা ॥ ১৬৭
বায়ুতো অধিক ৰথ ডাকন্ত মাতলি।
লক্ষ প্ৰহৰৰ পথ দণ্ডে গৈলা চলি ॥
এহি মতে স্বৰ্গপুৰ পাইলা যুধিষ্ঠিৰ।
জয় জয় যুধিষ্ঠিৰ ঘোষে নিৰন্তৰ।৷ ১৬৮
ৰথৰ নামিয়া ইন্দ্ৰে সিংহাসনে বসি।
অৰ্দ্ধাসন এড়ি দিলা ৰাজাক হৰিষি ॥
যুধিষ্ঠিৰে দেখিলন্ত সভাত সমস্ত।
সিদ্ধ বিদ্যাধৰ ঋষি মুনি দেব যত॥ ১৬৯
দেখিলন্ত দুৰ্য্যোধন সমে শত ভাই।
আপোনাৰ পাঞ্চ ভাই চান্ত মহাৰাই ॥