[ ৩২ ]
তুমি কৰিয়াছা ভক্তি কৃষ্ণৰ চৰণ।
যোগ যাগ ব্ৰত কৰ্ম্ম আৰু নানা দান ॥ ১৫৯
ইসবৰ ফলে এহি পথত গমন।
পাপকাৰি কুত্তা ইটো আনা কি কাৰণ॥
ৰাজা বোলে গুৰু মোৰ বাণি শুনিয়োক।
অদ্ধখানি পুণ্য মোৰ দিলো কুকুৰৰ॥ ১৬০
বিপ্ৰে বোলে ভাই ভাৰ্য্যা সবাকে এড়িলা।
কি কাৰণে অৰ্দ্ধপুণ্য কুকুৰক দিলা ॥
ৰাজা বোলে দিলো পুণ্য যিহেতু অৰ্দ্ধেক।
এহি পথে চলিবাৰ আৰ যোগ্য হোক ৷৷ ১৬১
আৰু যি কহিলা ভ্ৰাতৃ ভাৰ্য্যাক এড়িবে।
কালৰ অধীন চৰাচৰ জানা সবে ।৷
এহিমতে নৃপতিক ভঙ্গাইবে নপাৰি।
সম ইন্দ্ৰ দুয়ো পাছে চদ্ম মায়া এড়ি। ১৬২
নিজ বেশ ধৰি দুয়ো ৰাজাক বোলয়
ভালেতো হোৱন্তবশ্য কৃষ্ণ কৃপাময় ॥
কোনে বৰ্ণাইবাক পাৰে তোমাৰ যে গুণ।
কুকুৰৰ অৰ্থে আড়িলাহা নিজ প্ৰাণ॥ ১৬৩
যমৰাজা বোলে পাছে প্ৰশংসা বচন।
সাধু সাধু যুধিষ্ঠিৰ কুলেৰ নন্দন।৷
তযু পীতামহগণ গৈলা এহিপথে।
তুমিও চলিয়া জাহা চড়ি দিব্য ৰথে॥ ১৬৪