পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ৩১ ]

ৰাজাৰ বচনে কুত্তা সাবতি ধৰিল।
দেখি যুধিষ্ঠিৰ ৰাজা বিপ্ৰক বুলিল।৷
লামাৰা নামৰা গুৰু ক্ৰোধ দূৰ কৰ।
কদাচিতো নেড়িবোহো মই যে কুকুৰ ৷৷ ১৫৪
ভাই ভাৰ্য্যা সবে মোক এড়িল ইহাত।
এহিখানি কুত্তা মোৰ অছয় লগত।৷
যৈতে ৰহো তৈতে ৰহে দূৰক নজাই।
এনয় জনক এড়িবোহো কেনে মই।৷ ১৫৫
আৰু যি কহিলা ইটো অপবিত্ৰ জন।
সবে ব্ৰহ্মঅংশী জীব নাহি ভিন্ন ভিন্ন ॥
এহি বুলি কুকুৰক ধৰিলা চপাই।
হানিবাক লাগি বিপ্ৰে চলক নপাই ॥ ১৫৬
ৰাজাক বোলন্ত বিপ্ৰে বচন দুনাই।
এড়া এড়া কুত্তা হেৰা তুমি মহাৰাই ॥
ব্ৰহ্মাৰ বচনে কুত্তা মাবিবোহো আমি।
কি কাৰণে কুত্তা হানিবাক নেদা তুমি॥ ১৫৭
ৰাজা বোলে বিপ্ৰবৰ শুনিও বচন।
কুত্তাৰ কাৰণে হেৰা দিলো মোৰ প্ৰাণ।৷
শেলহানি মোক আগে কৰিও নিধন।
জিবোমানে নেড়িবোহো সেবকিয়া জন ৷৷ ১৫৮
ৰাজাক বুজাই বিপ্ৰে বুলিলন্ত পুনু।
এহি পথে যোগ্য নহে এহি কুত্তা তনু ॥