পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ৩০ ]

শ্বানৰূপে যমৰাজা চলন্ত পাছত।
দুয়োজাই আৰোহিলা গৈয়া যে মেৰুত।৷ ১৪৮
মেৰুত আছয় পথ দুৰ্গম দেবৰ।
অহাজোয়া কৰে তাত দেব নিৰন্তৰ।৷
মনুষ্যৰ সমাগম নাহিকয় তাত।
ভক্তি বলে যুধিষ্ঠিৰ উঠিয়া জাহন্ত।৷ ১৪৯
ৰাজাৰ পাছত চলে ধৰ্ম্ম কুত্তা গুতি।
খানিকো নপৰে পাছ জান্ত লগে উঠি ॥
সেহিবেলা পুৰন্দৰে বিপ্ৰবেশ ধৰি।
উপৰৰ পৰা খেদি আসে ক্ৰোধ কৰি ॥ ১৫০
হাতত ধৰিয়া শেল আগক উচ্চাই।
খোজ আসি লাগ ধৰিলন্ত সেই ঠাই ॥
ৰাজাক চাহিয়া বিপ্ৰে বোলন্ত বচন।
অযুগুত কাৰ্য্য তুমি কৰা কি কাৰণ।৷ ১৫১
অপবিত্ৰ কুত্তা ইতো কিয় আছা আনি।
ব্ৰহ্মাৰ বচনে আক মাৰো আজি হানি ॥
দেবতাৰ পথ ইটো পৰম পবিত্ৰ।
কুকুৰ উঠিল পথ হৈল অপবিত্ৰ॥ ১৫২
নানাবিধ যোগ যাগ কৰি যজ্ঞচয়।
তথাপিতো এহিপথে গতি নাহিকয়।
মৰ্য্যাদা গুছিল আৰু সবে দেবতাৰ।
এহি বুলি ধৰিলন্ত মাৰিবে কুকুৰ।৷ ১৫৩