পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৯ ]

বিশেষত দেখিয়াছো বিক্ৰম প্ৰবল।
কটাক্ষতে কম্পমান দেবতা সকল।৷
সংহাৰক শক্তি আছে ৰুদ্ৰৰ গাৱত।
বাহুবলে জিনিলাহা তাঙ্কো সমৰত।৷ ১৪৩
পূৰ্ব্বে সঞ্জয়ৰ আগে কৃষ্ণে আছে কেই।
কদাচিতো নেড়িবোহে সখি ধনঞ্জই।৷
হেন ধনঞ্জয় আছে পৰ্ব্বততে পড়ি।
ঈশ্বৰৰ ইচ্ছা কোনে বুজিব পাৰি ৷৷ ১৪৪
হাহা বাপু বৃকোদৰ দুঃখৰ সহাই।
কতনো বৰ্ণাইবো বাপু তোৰ গুণচই।৷
জৌগৃহ সাজিয়া পুৰি মাৰিবে ধৰিলা।
বোকা কৰি লৈয়া তাতো আমাক ৰাখিলা।৷ ১৪৫
অযুত হস্তীৰ বল আছিল তোমাৰ।
পড়িয়া ৰহিল বাপ পৰ্ব্বত উপৰ।৷
একেশ্বৰ কৰি মোক কিবা কৰে হৰি।।
ইহাৰ লগত কিয় মোক নেনে মাৰি। ১৪৬
মেৰুৰ মূলৰ পৰা চাৰি ধাৰা হৈয়া।
চৌদিশে পৰ্ব্বতো পৰে গঙ্গা আছে বৈয়া।৷
সেহি গঙ্গাজলে ৰাজা কৰিলন্ত স্নান।
ভ্ৰাতৃ-ভাৰ্য্যা শোকে ভৈল দগধ পৰাণ॥ ১৪৭
শোকে দুখে নৃপবৰে গমন কৰিল।
লাসে লাসে গৈয়া পাছে সুপাৰ্শ্ব চড়াইল।৷