পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৮ ]

নিদ্ৰায় পীড়িত হৈয়া পৰ্ব্বতে পড়িল।
ৰাজা বোলে ভাই ভাৰ্য্যা পৰাণ এড়িল ॥ ১৩৭
ধৰ্ম্মৰ কপট তাক বুজিতে নাপাৰি।
নিদ্ৰাৱলী ধৰি আছে অধোমুখ কৰি।৷
শ্বাশ নিশ্বাসকো সেহি হেতু নেদেখিলা।
শোকাগ্নি লাগিয়া গাৱে বিলাপ কৰিলা।৷ ১৩৮
হৰি হৰি যাজ্ঞসেনী দ্ৰুপদ দুহিতা।
জগত প্ৰক্ষাত তুমি শান্তি পতিব্ৰতা।৷
সমস্তে সুখৰ ঘৰ আছিল আমাৰ।
কতনো বৰ্ণাইবো আমি গুণক তোমাৰ।৷ ১৩৯
ক্ষেণেকো নেৰিলা সদা আমাক বনত।
পড়িয়া ৰহিলা তুমি সুপাৰ্শ্ব পৰ্ব্বত।৷
হাহা বাপু সহদেব কনিষ্ঠ কুমাৰ।
কোনে বৰ্ণাইবাক পাৰে গুণে পণ্ডিতৰ॥ ১৪০
সৰ্ব্বকালে গৌৰবতা আছিল আমাত।
অধোমুখে পড়িৰৈলা আহি পৰ্ব্বতত।৷
হৰি হৰি প্ৰাণ ভাই নকুল সুন্দৰ।
ৰষিক নাগৰ গুণ অছিল তোমাৰ ॥ ১৪১
পিতৃ সম কৰি মোক কৰিলা আদৰ।
পৰিয়া ৰহিলা বাপু পৰ্ব্বত উপৰ।৷
কোথা গৈলা ধনঞ্জয় কুলেৰ নন্দন।
লোকে বোলে কৃষ্ণ পাৰ্থ নৰ নাৰায়ণ ॥ ১৪২