পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৭ ]

নিদ্ৰায়ে পীড়িত হৈয়া অৰ্জ্জুনো পড়িল।
কৈক জাহা দদা বুলি ৰাজাত কহিল।৷
ত্ৰৈলোক্যৰ নাথ যিটো দৈবকী নন্দন।
অভিন্ন আছিল দেখো সহিত অৰ্জ্জুন॥ ১৩২
কি কৰিবে পাৰে দোষে আপুনি সামৰ্থ।
কোন দোষে পড়িলন্ত কহিয়োক পাৰ্থ ॥
ৰাজা বোলে দেখো বাপু আশ্চৰ্য্য় ইসব।
নৰ নাৰায়ণ বুলি কহে ব্যাসদেৱ ৷৷ ১৩৩
আপুনিয়ো দেখি আছো মহিমা অপাৰ।
যি সব বিক্ৰম তান নোহে মনুষ্যৰ॥
ধনুৰ্দ্ধৰ গৰ্ব্ব বিনে নাহিকয় আন।
তাত পৰে নেদেখোহো দোষৰ কাৰণ ॥ ১৩৪
পুনৰপি ভীমসেনে বুলিলা ৰাজাক।
কোন দোষ মোত আছে দদা কহিয়োক।৷
ৰাজা বোলে বাপু তোৰ দোষ আছে এক।
বহুত ভোজন কৰা নিদিয়া লোকক॥ ১৩৫
এহি খানি দোষ গাৱে তোমাৰ আছয়।
কৃষ্ণৰ সেবাত সিও গুছিবে পাৰয়।৷
এতহন্তে নিদ্ৰাৱলী ভীমকো ধৰিল।
অধোমুখ কৰি বীৰ তথাতে পড়িল।৷ ১৩৬
একেশ্বৰ হৈল পাছে ৰাজা যুধিষ্ঠিৰ।
কেৱলে লগত মাত্ৰ আছয় কুকুৰ ॥