পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৬ ]

নিদ্ৰায়ে পিড়িলা দেবী ভৰি নচলয়।
জ্ঞানহীন হুয়া কৃষ্ণা তাহাত পৰয়॥ ১২৬
হেন দেখি ভীমসেনে ৰাজাত কহিল।
ৰাজা বোলে নজানোহো কি দোষে পড়িল ৷৷
একান্ত ভকতি কৃষ্ণ চৰণে কৰিলা।
পতিব্ৰতা গুণে দেবী সদাই আছিলা ॥ ১২৭
কিন্তু স্নেহ কৰিছিল অৰ্জ্জুনত বৰ।
আত কৰি দোষ নেদেখোহো দ্ৰৌপদীৰ।৷
বিধিৰ লিখন কোনে গুছাইবে পাৰন্ত।
এতহন্তে সহদেব কুমৰো পৰম্ভ॥ ১২৮
পৰিবাৰ দেখি ভীমে বচন বুলিল।
সহদেব ভাই দদা এথাত পৰিল।
যুধিষ্ঠিৰে বোলে দোষ নেদেখোহো মনে।
সৰ্ব্বকালে ভক্তি আছে কৃষ্ণৰ চৰণে।৷ ১২৯
সবাত কৰিয়া শ্ৰেষ্ঠ অছিল পণ্ডিত।
সেহি গৰ্ব্ব দোষ বিনে নেদেখোহো আত॥
তাত পাছে পৰিলন্ত লকুল কুমাৰ।
নকুল পড়িল দদা বোলে বৃকোদৰ।৷ ১৩০
ৰাজা বোলে নেদেখোহো দোষৰ কাৰণ।
ভকতি কৃষ্ণৰ পাৱে কৰে শুদ্ধমন ॥
গুণবন্ত গুণ গৰ্ব্ব বিনে দোষ আৰ।
নেদেখোহো আন একো দোষ যে ইহাৰ ॥ ১