পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৫ ]

   
কুণ্ড এক গোটা হৈয়া আছে বিচক্ষণ।
অলকা নগৰ তাক বোলে সৰ্ব্বজন।৷
স্নান পান কৰি তাত ৰৈয়া সেহিদিন।
প্ৰভাতে উঠিয়া পাছে কৰিলা গমন॥ ১২১
সুপাৰ্শ্বক নামে ঢোকা দক্ষিণ দিশৰ।
পাণ্ডৱ উঠিলা গৈয়া তাহাৰ উপৰ।৷
অযুত যোজন পথ উৰ্দ্ধ যুড়িচয়।
তাত উঠিবাক কিবা মনুষ্যে পাৰয়॥ ১২২
বৈশম্পায়ন বদতি শুনিয়ো জন্মিজয়।
যমৰাজা সেহিস্থানে কবন্ত আপায়॥
নিদ্ৰাক সম্বুধি বুলিলন্ত যমৰাই।
প্ৰথমতে দ্ৰৌপদীক তই ধৰ জাই॥ ১২৩
তান পাছে ধৰ আৰো জৱঞ্জ দোভাই।
ভালমতে ধৰিবিহি ভীম ধনঞ্জয়॥
চতুৰ্থ প্ৰহৰ বেলি মোৰ বচনত।
নিদ্ৰায়ে পিড়ীত হতে থাকোক পৰ্ব্বত।৷ ১২৪
এই হেতু তেসে জান আসি আছো আমি।
ভালমতে নিদ্ৰাতুৰ কৰিয়োক তুমি।৷
এহি বুলি পূৰ্ব্ববতে হৈল কুত্তা খানি।
নমনিলা পাঞ্চোভাই সমে যাজ্ঞসেনী।৷ ১২৫
ধৰ্ম্মৰ বচনে নিদ্ৰা তেতিক্ষণে গই।
প্ৰথমতে দ্ৰৌপদীক ধৰিলন্ত জাই।৷