পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ২৪ ]


প্ৰভাতে উঠিয়া স্নান কৰি বিধিৱতে।
উত্তৰ দিশক লাগি চলিলা সমস্ত।৷ ১১৫
মানুষৰ সমাগম তাত নাহিকন্ত।
অৰণ্যে অৰণ্যে পশি পাণ্ডব জাহন্ত।৷
এহিমতে বহুপথ চলিয়া গৈলন্ত।
নৈশেধ নামত সীমা দণ্ডক পাইলন্ত॥ ১১৬
সহস্ৰ যোজন যুড়ি উৰ্দ্ধক যে আছে।
পাণ্ডব ৰহিলা সেহিদিন তাৰ কাছে।৷
ফলাহাৰ কৰি তাত ৰজনী বঞ্চিলা।
স্নান কৰি নৈষধত সবেও উঠিলা।৷ ১১৭
কৃষ্ণৰ কৃপাত সীমাদণ্ড পাৰ হৈল।
ইলাবৃত নামে বৰিষক গৈয়া পাইল॥
সুবৰ্ণ সদৃশ ভূমী দেখি বিটোপন।
হাত ৰহিলা ৰাজা পাছে সেহিদিন।৷ ১১৮
পৰদিনা চলি জান্ত উত্তৰক মুখে।
ভক্তিৰ প্ৰভাবে নিপীড়য় একো দুখে।৷
সৌমাৰক নামে বন আছন্ত শিবৰ।
প্ৰবেশিলে নাৰীহৱে শাপত দেৰৰ॥ ১১৯
তাহাক দক্ষিণে এড়ি জান্ত নৃপবৰ।
কতো দূৰে দেখিলন্ত মেৰু গিৰিবৰ।৷
তৈৰ পৰা জল আসি পড়িয়া তলত।
চত্ৰৰ আকাৰ হৈয়া ৰহিছে তহিত॥ ১২০