পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২৩ ]

            
শিব বিষ্ণু প্ৰকৃতিও পাণ্ডবতে আছে।
হেমকূট সীমা গিৰি পাৰ হৈলা পাছে।৷
হৰিবৰিষক গৈয়া পাণ্ডবে পাইলন্ত।
শ্ৰম দুঃখ নিবাৰিয়া তাত থাকিলন্ত।৷ ১১০
ফল মূল ভুঞ্জি ৰহিলন্ত সেহি দিন।
প্ৰাতসে কৰিয়া স্নান কৰিলা গমন।৷
নদী নদ গ্ৰাম দেশ বহুত চড়াই।
কামেশ্বৰ নামে এক গিৰি পাইলা জাই।৷ ১১১
কামদেব ৰূপে হৰি আছন্ত তাহাত।
জগত জননী লক্ষ্মী থাকয় সঙ্গত।৷
পাণ্ডব ৰহিলা গই সেহিদিন তাত।
স্নান কৰি প্ৰদক্ষিণ কৰি বাড়শত॥ ১১২
কামদেব দৰশন ভাৰ্য্যাসমে হৈয়া।
গমন কৰিলা ৰাজা অনুমতি লৈয়া।৷
উত্তৰক মুখে দ্ৰুতে জান্ত নৃপবৰ।
গ্ৰাম দেশ নানা ঠাই জাই বহুতৰ।৷ ১১৩
পাছে জঙঘালক পথ চলে পাঞ্চো ভাই।
গিৰি গুহা নদী নদ জাহন্ত চৰাই।৷
জঙ্গোত্ৰি নামত কুণ্ড চত্ৰৰ আকাৰ।
হৰি বৰিষৰ ইটো গঙ্গাৰ নগৰ॥ ১১৪
তাহাক পাইলন্ত গৈয়া পাণ্ডুৰ সন্তান।
ভ্ৰাতৃ ভাৰ্য্যা সমে ৰহিলন্ত সেহি দিন।৷