পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২ ]

দ্ৰৌপদীক ধনঞ্জয়ে হাতে ধৰি নেন্ত।
কুত্তাৰূপে যমৰাজা পাছত চলন্ত॥ ৯৩
তান পাছে নিদ্ৰাবলী চলে অলক্ষিতে।
এহিমতে চড়াইলন্ত গৈয়া যে পৰ্ব্বতে।৷
কিম্পুৰুষ নামে সিটো মধ্যম বৰিষ।
নিদ্ৰা কুত্তা কৃষ্ণাসমে পাণ্ডব প্ৰবেশ॥ ৯৪
শ্ৰান্ত হুয়া সেহিদিনা তথাত ৰহিল।
হিম নিবাৰিয়া ভীমে বাসাক বান্ধিল॥
ফল মূল ভুঞ্জি সেহি ৰজনী বঞ্চিয়া।
স্নান কৰি লড়িলন্ত প্ৰভাতে উঠিয়া॥ ৯৫
উত্তৰক মুখে বহুতৰ পথ গই।
ৰামগিৰি নামে এক পৰ্ব্বতক পাই॥
ৰামৰ আছয় মূৰ্ত্তি সীতা সমন্নিতে।
সেহিদিন ৰহিলন্ত পাণ্ডব তাহাতে॥ ৯৬
কৃষ্ণাসমে স্নান কৰি দ্ৰুতে পাঞ্চোভাই।
ৰাম সীতা দেবী দৰশন হৈলা জাই॥
প্ৰদক্ষিণ কৰি পছে ৰামৰ চৰণ।
উত্তৰক মুখে পাছে কৰিলা গমন॥ ৯৭
বায়ুবেগে যান্ত সবে শক্তি ঈশ্বৰৰ।
দণ্ডেকে দিবস পথ চলে নিৰন্তৰ॥
এহিমতে ক্ষুদ্ৰ নদী গিৰিক চড়াই।
হনুমন্ত আশ্ৰমক পাইলা গৈয়া জাই॥ ৯৮