পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ২১ ]

ষড় ঋতু এক হৈয়া বহে সেহিস্থান।
অশংক্ষাত ফল পকি আছয় নানান॥
আশ্ৰমে প্ৰবেশ পাছে ভৈলেক পাণ্ডব।
মাথে বস্ত্ৰ দিয়া কৃষ্ণা গৈলা সেহি ঠাৱ॥ ৯৯
দেখি হনুমন্তে আগ বাঢ়ি নিলা আসি।
নানাবিধ ফলমূলে পূজিলা হৰিষি॥
অথন্তৰ কথা হনু ৰাজাত পুছিলা।
যেনমতে কৃষ্ণ দেৱে পৃথিবী এড়িলা॥ ১০০
সেহি ৰাত্ৰি সাৱশেষে হনুত কহিলা।
প্ৰভাতে উঠিয়া মাৰুতিত আজ্ঞা লৈয়া॥
উত্তৰক মুখে চমু পথক ধৰিলা।
নদী নদ জঙ্গলক বহুত চড়াইলা॥ ১০১
হেমাদ্ৰী নামত এক গোট কুণ্ডবৰ।
কিম্পুৰুষ বৰিষৰ গঙ্গাৰ নগৰ॥
তাহাক পাইলন্ত গৈয়া পাণ্ডুৰ কুমাৰ।
বহিলন্ত সেহিদিন পাৰত কুণ্ডৰ॥ ১০২
মনুষ্যে নপাৱে তাক দেবতাত বিনে।
দ্ৰৌপদী সহিতে স্নান কৰি সেহি স্থানে॥
উত্তৰক মুখে চলি জান্ত নৃপবৰ।
কৃষ্ণসমে চাৰি ভ্ৰাতৃ পাছত তাহাৰ॥ ১০৩
তান পাছে কুত্তাৰূপে চলে যমৰাই।
সবাৰ পাছত নিদ্ৰা কেহো নেদেখই॥