পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

[ ১৯ ]

এহিমতে সেহিদিন তথাতে ৰহিল।
প্ৰভাতে উত্তৰ মুখে গমন কৰিল॥
গিৰি গুহা দুৰ্গম যে বহুত এৰাই।
হিমালয় সীমাদণ্ড দেখিলন্ত জাই॥ ৮৮
সহস্ৰ যোজন পথ উৰ্দ্ধে যুড়িচয়।
তাৰপৰা দশোদিশে পৰে হিমচয়॥
তস্কৰ সকলে যেন গৃহে সিন্ধি দেই।
হিমালয় ভেদি গঙ্গা সেহিমতে বই॥ ৮৯
ৰহিবে নপাৰে শূন্যে হিমৰ কাৰণে।
কাষ্ঠ তৃণ আনি বাসা বান্ধি ভীমসেনে॥
চাৰি ভ্ৰাতৃ ভাৰ্য্যা কুত্তা সমে যুধিষ্ঠিৰ।
ৰহিলা সবেও সেহি বাসাৰ ভিতৰ॥ ৯০
নিদ্ৰাবলী ৰহিলন্ত সঙ্গোত তহোন।
মায়া কৰি আছে কেহো নেদেখে নয়ন॥
এহিমতে পৰ্ব্বতৰ ৰৈয়া সমীপত।
ফল মুল আহাৰ কৰিল যথোচিত॥ ৯১
কৃষ্ণক চিন্তিয়া সেহি ৰজনী বঞ্চিল।
প্ৰভাতে উঠিয়া সবে স্নানক কৰিল॥
সহস্ৰ প্ৰহৰ পথ ঊৰ্দ্ধ যে পৰ্ব্বত।
তাহাত উঠিলা গৈয়া পাণ্ডব সমস্ত॥ ৯২
পৰ্ব্বতত হিমে আণ্ঠুমান হৈয়া জাই।
তথাপিতো আগবাঢ়ি জান্ত পাঞ্চো ভাই॥