পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৮ ]

এহিমতে নদী গিৰি বিস্তৰ চৰাই।
মহেশৰ মূৰ্ত্তি মুক্তিনাথ পাইলা গই॥ ৮২
ৰহিলন্ত সেহিদিন তাত মহাৰাই।
ৰজনী প্ৰভাতে কৃষ্ণাসমে পাঞ্চোভাই॥
স্নান কৰি মুক্তিনাথ দৰশন হুই।
উত্তৰ দিশক পাছে গমন কৰই॥ ৮৩
সাক্ষাতে ঈশ্বৰ শক্তি পাণ্ডৱত আছে।
পথগতি কৰি হৰিদ্বাৰ পাইলা পাছে॥
পৰম আনন্দে স্নান কৰি বিধিৱতে।
ফল মূল ভুঞ্জি ৰাত্ৰি ৰহিলা তথাতে॥ ৮৪
প্ৰভাতে উঠিয়া তাতকৰি স্নান পান।
হৰিদ্বাৰ পৰ্ব্বতত হৈয়া আৰোহণ॥
পৰ্ব্বত উপৰে চলিজাই উত্তৰক।
দুৰ্গম পথক গই গঙ্গোত্ৰী পাইলেক॥ ৮৫
যোজন বহল কুণ্ড চক্ৰৰ আকাৰ।
গঙ্গোত্ৰী নামত সিতো গঙ্গাৰ নগৰ॥
এহিমতে নবকুণ্ড নব বৰিসত।
মকৰ বাহিনী দেবী ক্ৰমে থাকে তাত॥ ৮৬
স্নান পান কৰি ভাৰ্য্যাসমে পাঞ্চোভাই।
অনিলন্ত ফল মূল চাৰিও কোঞ্চাই॥
যুধিষ্ঠিৰে ঈশ্বৰক দিলন্ত উছৰ্গি।
যাজ্ঞসেনী সবাহাকে দিলন্ত বিভাগি॥ ৮৭