পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৭ ]

ঢউ সব উঠে যেন পৰ্বত আকাৰ।
জাকে জাকে চৰৈ মৎস্য কুন্তীৰ মগৰ॥
নানাবিধ জলজন্তু তাহাতে ফুৰয়।
মেঘৰ গৰ্জন যেন কতোহো নাদয়॥ ৭৭
সাগৰৰ ঢউ পাছে গৈয়া নৃপবৰ।
প্ৰবেশিলা মঠে সবে নীল মাধৱৰ॥
মাধ সুলোচনা নামে আছিল পৰ্ব্বত।
নীল পাথৰৰ মূৰ্ত্তি কৰিলন্ত তাত॥ ৭৮
সুবৰ্ণৰ মঠ বান্ধি দিলা ওপৰত।
পূৰ্ণব্ৰহ্ম কৃষ্ণ আসি বেকত হৈলন্ত॥
যেখনে আসিল কৃষ্ণ জগত ঈশ্বৰ।
থানৰ হৈলেক অধিকাৰি মহেশ্বৰ॥ ৭৯
বৃক্ষৰূপে বটব্ৰহ্ম আছয় তাহাত।
মাৰ্কণ্ডেয় নামে হ্ৰদ বটৰ তলত॥
হ্ৰদত স্নানিলে নীল ভক্তি পাৱে নৰে।
ভাৰ্য্যা ভ্ৰাতৃসমে স্নান কৰি যুধিষ্ঠিৰে॥ ৮০
নীল মাধৱক পাছে হৈল দৰিশন।
পৰম আনন্দে ৰহিলন্ত সেহিদিন॥
দ্ৰৌপদী সহিতে পৰদিনা পাঞ্চোজন।
উত্তৰক মুখে সবে কৰিলা গমন॥ ৮১
দ্ৰৌপদীৰ পাছে একগুটি কুত্তা জাই।
সবাৰ পাছত নিদ্ৰা অদৃশ্যে চলই॥