পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৬ ]

ইন্দ্ৰক নিবাৰি দিলা খাণ্ডব দহিলো।
ৰথ ধ্বজ টোন সমে গাণ্ডীবক দিল॥ ৭১
ঈশ্বৰে স্ৰজিত ইটো ধনু তিনিখন।
সত্ব ৰজ তম জানা এহি তিনিগুণ॥
সত্বগুণে ভৈল ধনু সাৰঙ্গ উত্তম।
পীনাক হৈলেক ধনু গুণত যে তম॥ ৭২
ৰজগুণে জানা বাপ ধনু যে গাণ্ডীৱ।
এহি ধনু টানিবক নপৰিয় কেৱ॥
যৈত যোগেশ্বৰ কৃষ্ণ হৱৈ অবতাৰ।
তৈতে এহি ধনু লৈয়া হৈবা ধনুৰ্দ্ধৰ॥ ৭৩
আকে জানি গাণ্ডীৱক গৈয়ো বৰুণত।
মিচা নুহিকয় আমি কৈলে স্বৰূপত॥
অগ্নিৰ বচন শুনি ইন্দ্ৰৰ নন্দন।
লোহিতত খেপিলেক ধনু টোন বান॥ ৭৪
পাঞ্চোভাই কৰিলন্ত অগ্নিক সম্মান।
তথাতে ভৈলন্ত অন্তৰ্দ্ধান হুতাসন॥
অনন্তৰে তৈতে পাছে পাণ্ডুৰ সন্তান।
লোহিত নামি পাছে কৰিলন্ত স্নান॥ ৭৫
স্নান পানে সবাৰে গুছিল শ্ৰম দুখ।
পাছে পাঞ্চোভাই ভৈলা দক্ষিণ মুখ॥
লোহিত্যৰ তীৰে তীৰে জাহান্ত সদাই।
সাগৰ দেখিলা গৈয়া পাছে পাঞ্চোভাই॥