পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫ ]


তোমাৰ নগৰে মই নিবো যুধিষ্ঠিৰ।
এহিমান কাৰ্য্য তুমি কৰিও সত্বৰ।৷
ইন্দ্ৰৰ বচনে পাছে নিদ্ৰাবলী সমে।
পাণ্ডৱৰ লগ আসি ধৰিলন্ত যমে। ৬৬
শ্বানৰূপ ধৰি দ্ৰৌপদীৰ পাছে জাই।
অদৃশ্য স্বৰূপে নিদ্ৰাবলীও চলই।৷
পাণ্ডবো ৰহিলা সেহিদিন গঙ্গাতীৰে।
প্ৰভাতে উঠিয়া স্নান কৰি নৃপবৰে।৷ ৬৭
পুব মুখ হুয়াচলে ইন্দ্ৰিয়ক দমি।
মনত জপন্ত নিৰঞ্জন অন্তৰ্য্যামী।৷
আগে যুধিষ্ঠিৰ পাছে ভীম ধনঞ্জয়।
নকুল সহদেব তান পাছত চলয়।৷ ৬৮
পাঞ্চৰো পাছত চলে দ্ৰুপদ নন্দিনী।
কৃষ্ণাৰ পাছত চলে কুত্তা একখানি।৷
এহিমতে জান্ত সবে কৃষ্ণনাম লই।
নদী নদ সৰোবৰ গহ্বৰ চড়াই।৷ ৬৯
জলস্থল নগৰক এড়ি নানাদেশ।
লোহিত্য তীৰত পাছে ভৈলন্ত প্ৰবেশ॥
গাণ্ডীব ধনুক নেৰে বীৰ ধনঞ্জয়।
হেন দেখি অগ্নি বাত ভেন্টিয়া আছয়॥ ৭০
অগ্নি বোলে শুনা বাপ ধনঞ্জয় বীৰ।
তোমাৰ প্ৰসাদে মোৰ নিৰুজ শৰীৰ।