পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১১ ]


সশৈণ্যে প্ৰবেশ ভৈল বনৰ ভিতৰ।
ৰামৰ প্ৰসাদে নৰ নাৰী নিৰন্তৰ।৷ ৫২॥
অক্ষয় স্বৰ্গক গৈলা মানুষ শৰীৰে।
লৱকুশ থাকিলন্ত সেহিতো নগৰে।
এহি পাৰম্পৰ্জ কথা হৈ আছে আগত।
নজানিয়া শোক তুমি কৰা অকাজত॥ ৫৩।৷
ৰাজচৰ্চ্চা কৰা ৰাজা মোৰ বোল ধৰা।
এতেকে তাহান শোক সকলে পাসৰা॥
আৰু এক কথা কহো শুনাহ। সম্প্ৰতি।
মণিপুৰে দুত তুমি পাঞ্চা শীঘ্ৰগতি॥ ৫৪।৷
বব্ৰুবাহা আসন্তোক শ্ৰাদ্ধ কৰিবাক।
মুহি চাৰি মাতৃৰ যে কৰ্ম্ম কৰন্তোক।
কৃপৰ বচনে ৰাজা চাৰিগোটা দূত।
সাৱশেষ কথা কহি পাঞ্চিলা তৰিত॥ ৫৫।৷
তাত পাছে সুভদ্ৰা সুন্দৰী বৰ নাৰী।
অৰ্জুনক লাগি কান্দে সুমৰি সুমৰি।
শুনিয়োক নৰলোক ভাৰত চৰিত।
আত পৰে পুন্য নাই দোৰ্ঘোৰ কলিত॥ ৫৬।
কেতিক্ষণে ধৰে কালে তাৰ নাহি থিত।
কৃষ্ণৰ চৰণ মনে ধৰা এক চিত্ত।
বোলে পৃথুৰাম দ্বিজে এহি মুল কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥৫৭॥