পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১০ ]


কৃপাচাৰ্য্যে বোলে ৰাজা শুনিয়োক তুমি।
পুৰাতন কথাসব কহিবোহোঁ আমি॥
দ্বাপৰ যুগত দশৰথ গৃহে হৰি।
চাৰিজন হুয়া তাত অবতাৰ ধৰি॥ ৪৭।৷
জ্যেষ্ঠ ৰামচন্দ্ৰ হেন মধ্যম ভৰত।
তাত ছোট লক্ষণ যে শত্ৰুঘ্ন শেষত৷।
সপত্নী মাতৃৰ দোষে ৰাম গৈলা বনে।
লগত চলিল সীতা কনিষ্ঠ লক্ষ্মণে।৷ ৪৮।৷
বনত আছিল যত ৰাক্ষস পিশাচ।
তাহাক মাৰিয়া ৰামে কৰিলা নিসছ।৷
পাছে সীতা হৰিনিলে দূৰ্জন ৰাৱনে।
তাৰ দশ কন্ধ ছেদিলন্ত ৰাম বাণে॥ ৪৯।৷
অগ্নিত পৰীক্ষা কৰি সীতা সম্বৰিলা।
পুষ্পক জানত ছড়ি অযোধ্যাক গৈলা॥
পিতৃৰ দেশত ৰাম ৰজা হৈল পাছে।
তিনি ভ্ৰাতৃ লগে লৈয়া কতো দিন আছে॥৫০॥
ৰামক এৰিয়া সীতা চলিলা পাতাল।
দুৰ্ব্বাসা কালৰ হাতে লক্ষ্মণো গুছিল॥
বিৰকতি লাগিলন্ত ৰামৰ মনত।
ৰাজা হবা বুলি পুছিলন্ত ভৰতত॥ ৫১।৷
নহৈবো বুলিয়া ৰাজা কহিলা ৰামত।
পাছে কুশৰক ৰাজা পাতি অযোধ্যাত।