পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
[ ৯ ]


অৰ্জ্জুনক মনে দেবী আলিঙ্গি ধৰিলা।
কৃষ্ণ বুলি চিত্ৰাঙ্গদা পৰাণ এৰিলা।৷ ৪১।৷
শৰীৰ এৰিয়া পুনু দীব্যৰূপ ধৰি।
বিমানে চাৰিয়া গৈলা গন্ধৰ্ব্বৰ পুৰী।৷
উলুপী দেখ পাছে চিত্ৰাঙ্গদা গৈল।
সেহিমতে উলুপিয়ো পৰাণ এৰিল।৷ ৪২।৷
অনন্ত স্থানৰহন্তে বিমান আসিল।
তাহাত চড়িয়া দেবী গৈল ততকাল।৷
চাৰিশ মায়াক জানে হেমা বৰ নাৰী।
মায়াকৰি প্ৰবেশিলা বিতল নগৰী॥ ৪৩॥
পাৰ্ব্বতী সহিতে হেমা সখী কৰিছিল।
সেহি হেতু তেসে গোসানীৰ সঙ্গে গৈল।৷
তাত পাছে প্ৰবীনাই ইন্দ্ৰক চিন্তিলা।
জানি পুৰন্দৰে পাছে বিমান পাঞ্চিলা॥ ৪৪।৷
সেহি বিমানত চড়ি অম্ৰাবতী গৈলা।
এহিমতে চাৰিও যে পৃথিবী এড়িলা।৷
হস্তিনাপূৰত পাছে পৰীক্ষিত গই।
মহা অসন্তোষ মনে ক্ৰন্দন কৰই।৷ ৪৫॥
কাক চাহি থাকিবোহো এহি নগৰত।
পিতামহ সবমোৰ নাহিকে ইহাত॥
চাড়ি পিতামহী মোৰ গৈল পৰলোক।
কি কাৰণে ৰাজাপাতি থৈয়া গৈল মোক॥৪৬।৷