পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৮ ]


সবাৰে পাচত চলে দ্ৰুপদ নন্দিনী।
সৰ্ব্বাঙ্গ সুন্দৰী দেবী প্ৰফুল্ল বদনী॥
এহি ছয়জন বাজ ভৈল নগৰৰ।
লগত চলিল প্ৰজা সব নিৰন্তৰ॥৩৬॥
দেখন্ত লগত চলে সবে নাৰী নৰ।
হেন দেখি দুখ মন ভৈল যুধিষ্ঠিৰ।৷
প্ৰবোধ বচণে পঠাইলেক উলটাই।
পৰীক্ষিতে লৈয়া জাই পূৰে হস্তিনাই।৷ ৩৭।৷
তাৰ চাৰিজন নাৰী নগৈলন্ত তদা।
উলুপী প্ৰবীণা হেমা আৰু চিত্ৰাঙ্গদা।৷
অৰ্জুনক লাগি শোক কৰে চাৰিজন।
সেবিবে নপাইলো আমি স্বামীৰ চৰণ॥ ৩৮।৷
শ্যামবৰ্ণ কলেৱৰ সুন্দৰ বদন।
গুণে দাসৰথি ৰাম কামিণী মোহন।৷
সকল কাৰ্য্যত প্ৰভু নোহে অসামৰ্থ।
তাক দেখি কৃষ্ণদেৱে নামদিলে পাৰ্থ॥ ৩৯।৷
হেন স্বামী অবিহনে ৰহিবো কিমতে।
কাক চাহি ৰহিবোহো হস্তিনা পুৰতে।৷
কত পুণ্যফলে স্বামী পাইলো অৰ্জুনক।
আশাপূৰ্ণ নতোহন্তে তেজিলে আমাক৷। ৪০॥
পৃথিবীত থাকিবাৰ নাহি প্ৰয়োজন।
এহি বুলি গঙ্গাজলে কৰিলন্ত স্নান।