পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৭ ]


হৰি হৰি আই ৰাই ৰাজ পটেশ্বৰী।
লেখিলে বিধাতা কেনে দুঃখ ভাগি কৰি॥ ৩০।৷
একবাৰ ভুঞ্জি বনবাসৰ নিকাৰ।
তাতো দশগুণে ধিক মিলিল ইবাৰ।
যাৰ নিদ্ৰা নিমিলয় ৰত্নৰ আসনে।
আবে কেনমতে ফুৰিবাহ বনে বনে।৷ ৩১।৷
ৰাতুলৰ বৰ্ণ যেন সুকোমল ভৰি।
শঙ্কটে কণ্টকে ফুৰিবাহা কেন কৰি॥
এহি বুলি কান্দে আৰ্ত্তৰাৱে নৰনাৰী।
হিয়ে মুষ্টিহানি শোকে বাগৰি বাগৰি।৷ ৩২।৷
লোকৰ ক্ৰন্দন শুনি পাণ্ডুৰ কুমৰ।
ভাল মন্দ একো পাছে নেদিলা উওৰ॥
এড়িলন্ত দণ্ড চত্ৰ যত ৰাজ্য ভাৰ।
সুহৃদ বান্ধব আৰু মিত্ৰ আপোনাৰ।৷ ৩৩।৷
হয় হস্তী এড়িলন্ত অক্ষয় ভণ্ডাৰ।
সবাকো তেখনে কৰিলন্ত পৰিহাৰ।৷
মনক নিয়ম কৰি পাছে ছয়োজন।
হস্তিনাপুৰৰ বাজ ভৈলা তেতিক্ষণ।৷ ৩৪॥
আগভৈলা যুধিষ্ঠিৰ পাছে ভীমসেন।
তাহাণ পাছত চলে শ্বেত যে বাহন।৷
তাত পাছে মাদ্ৰী সুত নকুল চলন্ত।
চাৰিৰো পাচত সহদেব চলি জান্ত।৷ ৩৫॥