পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৬ ]


তথাত আছিল যত বিশেষ ব্ৰাহ্মণ।
স্বহস্তে কৰিলা ৰাজা সমস্তকে দান।৷
কৃষ্ণ চৰণক চিন্তি মনক নিয়মি।
শৰীৰৰ ইন্দ্ৰীয়ক থৈয়া পাছে দমি॥ ২৫।৷
আপোনাৰ অলঙ্কাৰ পেলাইলা খসাই।
মাথাত বান্ধিলা জটা আঠাক অনাই।৷
পৰিধান কৰিলন্ত বাকলি বসন।
ভস্ম লৈয়া সৰ্ব্বগাৱে কৰিলা লেপন।৷ ২৬॥
দেখে চাৰিভাই ৰাজা ভৈলন্ত বৈষ্ণব।
চাৰিয়ো ধৰিলা তেতিক্ষণে সেহিভাৱ॥
দেখিয়া দ্ৰৌপদী বোলে কিবা চাহো আমি।
মোৰ পাঞ্চোস্বামী দেখো হৈল বনাশ্ৰমি।৷ ২৭।৷
বাকলি বসন আনি পিন্ধিবে ধৰিলা।
একোমতে পিন্ধিবাক দেবী নপাৰিলা॥
দেখি ধনঞ্জয়ে বোলে পিন্ধিবে নলাগে।
পৰিধান বস্ত্ৰসমে চলিয়োক লগে।৷ ২৮॥
পাৰ্থৰ বচনে কৃষ্ণা বাকলি এড়িলা।
স্ত্ৰীৰ সঙ্গ এড়ি স্বামী সমীপক গৈলা।৷
এহিমতে ছয়োজন একস্থান ভৈল।
তাক দেখি প্ৰজাসব শোকাকুল হৈল।৷ ২৯।৷
পৃথিবীত পড়ি কান্দে হাকুলে ব্যাকুলে।
আজি সে গুছিল জানো আনন্দ সকলে।৷