পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৫ ]


সেবকক দান দিবা সময়ৰ বেলা।
তেবেসে সেবকে কাৰ্য্য ন কৰিব হেলা।৷ ১৯।৷
আনো আনো কথা যত শিখাইবাহা তুমি।
পৰীক্ষিত নাতিগুটি ৰাজাপাতে আমি॥
এহি বুলি যুধিষ্ঠিৰে কুমৰক লৈলা।
দিব্য সিংহাসনে নিয়া উপৰে তুলিলা।৷ ২০।৷
জয় জয় বুলি প্ৰজা দিলেক জোকাৰ।
ঢাক ঢোক বাদ্যচয় বাৱৈ নিৰন্তৰ।৷
সেহি সময়ত ভীম আসিল সম্প্ৰতি।
ইন্দ্ৰপ্ৰস্থে কুমৰক পাতিয়া নৃপতি।৷ ২১।৷
ৰাজাৰ চৰণে নমিলন্ত বৃকোদৰ।
তযু আজ্ঞা ধৰি ৰাজা পাতিলো কুমৰ৷।
বাল্য বৃদ্ধ সকলকো জিজ্ঞাশিলো ভালে।
অৰ্জুনে দিয়াছে বুলি কহিল সকলে।৷ ২২।৷
ৰাজা বোলে ভাল বাপু কৰিলা সুন্দৰ।
হস্তিনাপুৰৰ আশা মনে দূৰকৰ॥
এহি বুলি সুভদ্ৰাক বোলে যুধিষ্ঠিৰ।
এই নাতি লৈয়া আই ৰাজ্য ভোগ কৰ।৷ ২৩।৷
আমাক লাগিয়া তুমি নকৰিবা মৰ্ম্ম।
স্বামীৰ বচন চিন্তি থাকিবা স্বধৰ্ম্ম।
তাত পাছে সমজ্যাত বুলিলা বচন।
মোক লাগি শোক নকৰিবা কেহোঁজন।৷ ২৪।৷