পৃষ্ঠা:স্বৰ্গাৰোহণ পৰ্ব্ব.djvu/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ৪ ]


যোগ্য যোগ্য স্থানে পাত্ৰ মন্ত্ৰী বসিলন্ত।
চতুষ্পাশে হয় হস্তী ৰথক থৈলন্ত।৷
এহিমতে ধনঞ্জয়ে সভাক কৰিয়া।
যুধিষ্ঠিৰ আগে কথা কহিলন্ত গৈয়া।৷ ১৪।৷
তব আজ্ঞা লৈয়া দদা সভাক পাতিলো।।
বিলম্বত কাৰ্য নাই তোমত কহিলো।৷
অৰ্জ্জুনৰ বাণী শুনি ধৰ্মৰ নন্দনে।
কুমৰক লৈয়া ৰাজা লড়িলা তেখনে।৷ ১৫।৷
ধৌম্য আদিকৰি বিপ্ৰ চলন্ত বিশেষ।
অসংখ্যাত দণ্ড চত্ৰ চলে চতুৰ্দ্দিশ।৷
নানাবিধ বাদ্য বাৱৈ মনত হৰিষ।
এহিমতে গৈয়া হৈল সভাত প্ৰবেশ।৷ ১৬॥
দ্ৰৌপদীক মুক্ষ কৰি ৰমণী যতেক।
দাসীগণ সঙ্গে লৈয়া সবে আসিলেক।
নগৰৰ নৰ নাৰী আছিলেক যত।
ৰঙ্গ চাহিবাক লাগি আসিল সমস্ত।৷ ১৭।৷
সভাত প্ৰবেশ হুয়া বোলে ধৰ্ম্মৰাজ।
মোহোৰ বচন হেৰা শুনা কৃপাচাৰ্য।৷
অভিমন্যুসুুুত ইটো নাতি অৰ্জুনৰ।
আক আগকৰি ৰাজ্য প্ৰতিপাল কৰ।৷ ১৮।৷
শিখাইবাহা ৰাজনিতি ব্যৱহাৰ যত।
বিনা অপৰাধে দণ্ড নহৈব লোকত।৷