পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[4] স্বাধীন অসমৰ প্ৰথম মন্ত্ৰী প্ৰধান মন্ত্ৰী গোপীনাথৰ শিল্প, শিক্ষাব ভাব। অমিয় দাস তেল, কাপোৰ, খাদ্য যোগনীয়াৰ। বিষ্ণুৰাম মেধিৰ হাতত ৰাজহৰ ধন। ৰূপনাথ ব্ৰহ্মই ৰখি আছে আমাৰ দেশৰ বন॥ ৰামনাথ দাসৰ যান-বাহন আৰু দৰব-পানী। তৈয়বুল্লাই দেশৰ পৰা খেদিছে বিহু-কানি॥ গৰকাপ্তানীত নিকল্‌চ ৰায় জেমচ্ জয়মোহন। মজুমদাৰ মতলিবৰ কৃষি, স্বায়ত্ব শাসন॥ ভাষ্ট মন্ত্ৰী আমাৰ দেশৰ অষ্ট দিকপাল। স্বাধীন দেশৰ স্বাধীন প্ৰজাৰ সুখৰ কপাল॥ পাৰ্লিয়ামেণ্টাৰি চেক্ৰেটৰী আছে চাৰিজন। বিমল৷ চলিহাৰ ব্ৰত পল্লী উন্নয়ন॥ প্ৰধান মন্ত্ৰীৰ সহায়কাৰী চেতিয়া পূৰ্ণানন্দ। সকলে৷ কামতে সদাই পৰম আনন্দ॥ চৌধুৰী মহেন্দ্ৰ মোহন সদাই শিক্ষাত ব্ৰতী। গাৱেঁ ভূৰেঁ শিক্ষা দিয়াত আগ্ৰহ তেওঁৰ অতি॥ ৰাজহ বিভাগত আছে দাস হৰেশ্বৰ! সদাই চেষ্টা বঢ়াবলৈ ৰাজহ দেশৰ॥