পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[ ৪ ] তাৰ পিচত আহোম ৰজা সৌগাব অধিপতি। ইন্দ্ৰবংশী স্বৰ্গদেৱ আছিল তেওঁৰ খ্যাতি॥ বৰাহী, কলিতা, চুতিয়া, ভুঞা, কছাৰিক মাৰি। সমগ্ৰ দেশৰ আহোম হ’ল অধিকাৰী॥ ইংৰাজে লভিলে দেশ ইয়ান্দাবু সন্ধিত। কংগ্ৰেছৰ আন্দোলনত হ’ল বিতাড়িত॥ ভাৰত স্বাধীন হ'ল, অসম স্বাধীন। ধৰ্মচক্ৰযুক্ত নিচান তিনৰঙা চিন্॥ কলমৰ উৎপত্তি কলমৰ উৎপত্তি কৈলাস পৰ্ব্বতত। সৰস্বতী আইয়ে নৰ্মাই আনে ভাৰস্তত শিৱৰ ডিঙ্গিত আছে যি বিষধৰ ফণী। তাৰ গা’ৰে বনাই আছে এইটে৷ লেখনী॥ নীলকণ্ঠ শিৱৰ ডিঙিত বিষ বাসুকীৰ। তাবে সজাই দোৱাত কলম জানিবাহ৷ থিৰ॥ সমুদ্ৰ মন্থন কৰে সাপক কৰি জবি! বাসুকীয়ে বসুন্ধৰ| আছে মূৰত ধৰি॥